নিউজডেক্স, ফ্ৰেব্ৰুৱাৰী ২৭, ২০২৩: পৃথিৱীৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো হাতী-মানুহৰ সংঘাত আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ দুই বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে । এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে যোৱা দেওবাৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে । বন্য প্ৰাণীৰ খাদ্যৰ অভাব আৰু বনাঞ্চলৰ দ্ৰুত হ্ৰাস হাতী-মানুহৰ সংঘাতৰ এক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হয় । আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী বিভূতি লহকৰে স্লাইডৰ জড়িয়তে অসমৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাত দুৰ কৰিবলৈ সংগঠনটোৱে কি কি কাৰ্যপন্থা হাতত লৈছে সেই বিষয়ে বিতংকৈ আলোচনা কৰে । তেওঁ উল্লেখ কৰা মতে, ২০১৮-২০২২ বৰ্ষত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী আৰু চৰাইদেউ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত এঘাৰ টা হাতীৰ মৃত্যু হৈছিল । আনহাতে সেই সময়ছোৱাত এই জিলা কেইখনত হাতী-মানুহৰ সংঘাতৰ পৰিণতিত তেৰ জন লোকৰ প্ৰাণ হানি হৈছিল । সমস্যাটোৰ ভয়াবহতালৈ চাই হাতী, মানুহৰ মৃত্যুৰ সংখ্যাটো বেচৰকাৰী তথ্য মতে আৰু অধিক হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । আৰণ্যকৰ তৰফৰ পৰা হাতী-মানুহৰ সংঘাত দুৰ কৰা আৰু জৈৱবৈচিত্ৰৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমক এক শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনোৱা হয় । শিৱসাগৰ কমাৰ্চ কলেজৰ অসমীয়া বিভাগৰ জনসংযোগ কেন্দ্ৰ আৰু শিৱসাগৰৰ সাংবাদিক সমাজৰ সহযোগত অনুষ্ঠিত হোৱা এই মত বিনিময় কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰ, ভৈৰৱ মুণ্ডা, শিৱকান্ত গগৈৰ লগতে ছাত্র-ছাত্ৰী সহ আন বহু লোক উপস্থিত থাকে
Breaking News
- নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : ৰজাঘৰীয়া ঠিকাদাৰে নিম্নমানৰ কামেৰে লুণ্ঠন কৰিলে ঐতিহাসিক বৰশিল সংযোগী পথৰ ধন
- मारवाड़ी सम्मेलन शिमलगुड़ी शाखा द्वारा मातृ दिवस पर अभिनंदन
- সমাজ সংস্কাৰক,পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান
- চূণপোৰাত অনুষ্ঠিত হ’ল থলুৱা জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান : বহু কেইটা জনগোষ্ঠীয় নৃত্য গীতত সমন্বয়ৰ থলীলৈ ৰূপান্তৰ হ’ল হেমেনাবাৰী ৰঙ্গমঞ্চ
- সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া
- नाजिरा में श्री परशुराम जन्मोत्सव आयोजित : भजन संध्या में झूमे दर्शक
- नाजिरा में एम सी क्लब द्वारा हज यात्रियों का अभिनंदन।
- মুক্ত সাংবাদিক সন্থা আৰু নিউজ হাণ্টৰ তৰফৰ পৰা কৃতীমান ছাত্ৰ ছাত্ৰীক অভিনন্দন