নিউজডেক্স,২মে,২০২৪ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নাজিৰাৰ কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সংবাদ গোষ্ঠী নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা, নাজিৰাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা নাজিৰাৰ তৰফৰ পৰা নিয়মীয়া বাৰ্তা কাকতৰ স্থানীয় সংবাদ দাতা নেকীবুদ্দিন আহমেদৰ বাসগৃহত এই উদ্দেশ্যৰে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সাংবাদিক নেকীবুদ্দিন আহমেদৰ পুত্ৰ ফাহিম ইৰফান আহমেদক জাঁজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক জীৱন কলিতাই ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কলমৰে সম্বৰ্ধনা জনায়।এই অনুষ্ঠানত নিউজ হান্ট এন ই ৰ পৰিচালন সঞ্চালক চৈয়দ খাইৰুল হাচান, কাৰ্যবাহী সম্পাদক শিৱকান্ত গগৈ,বাৰ্তা সম্পাদক তথা গ্ৰাম্য সাংবাদিক সন্থা অসমৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি গগৈ, মুক্ত সাংবাদিক সংস্থা,নাজিৰাৰ সম্পাদক দিলীপ হাজৰিকা,নাজিৰা জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ভাস্কৰ জ্যোতি বৰগোহাঁই, সাংবাদিক ক্ৰমে ভাইটি ৰহমান,নবুল কোঁৱৰ, ভাস্কৰজোতি মহন্ত,সৌৰভ কোঁচ ,ৰঞ্জিত সভাপণ্ডিত,জাকিৰ আখটাৰ হুছেইনকে ধৰি বহু লোক উপস্থিত থাকে। ইয়াৰ পিছতে অনুষ্ঠান দুটাই ডিষ্টিংশ্বন লাভ কৰা নাজিৰাৰ চাদিয়া ইছলামক সম্বৰ্ধনা জনোৱাৰ লগতে লতাশ্ৰুতি হাজৰিকা,সঞ্জনা দেৱ,চানক্য ৰং কশ্যপ বৰ্মন আৰু মন চেং গগৈক সম্বৰ্ধনা জনায়৷
Breaking News
- নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : ৰজাঘৰীয়া ঠিকাদাৰে নিম্নমানৰ কামেৰে লুণ্ঠন কৰিলে ঐতিহাসিক বৰশিল সংযোগী পথৰ ধন
- मारवाड़ी सम्मेलन शिमलगुड़ी शाखा द्वारा मातृ दिवस पर अभिनंदन
- সমাজ সংস্কাৰক,পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান
- চূণপোৰাত অনুষ্ঠিত হ’ল থলুৱা জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান : বহু কেইটা জনগোষ্ঠীয় নৃত্য গীতত সমন্বয়ৰ থলীলৈ ৰূপান্তৰ হ’ল হেমেনাবাৰী ৰঙ্গমঞ্চ
- সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া
- नाजिरा में श्री परशुराम जन्मोत्सव आयोजित : भजन संध्या में झूमे दर्शक
- नाजिरा में एम सी क्लब द्वारा हज यात्रियों का अभिनंदन।
- মুক্ত সাংবাদিক সন্থা আৰু নিউজ হাণ্টৰ তৰফৰ পৰা কৃতীমান ছাত্ৰ ছাত্ৰীক অভিনন্দন