নিউজডেক্স,৩০এপ্ৰিল,২০২৪ : আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্য্যই তেওঁলোকৰ হতাশাক প্ৰমাণ কৰিছে ৷
উল্লেখ্য যে অমিত শ্বাহৰ “ভুৱা ভিডিঅ'” শ্বেয়াৰ কৰাৰ অভিযোগত যোৱা সোমবাৰে গ্ৰেপ্তাৰ হৈছিল অসমৰ এগৰাকী কংগ্ৰেছ কৰ্মী। গুৱাহাটী নিবাসী ৩১ বছৰীয়া ৰীতম সিং অসম কংগ্ৰেছৰ সৈতে জড়িত আৰু তেওঁ দলটোৰ ‘ৱাৰ ৰুমৰ সমন্বয়ক’ হিচাপে কাম কৰে।
বিৰোধী দল, বিশেষকৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, “তেওঁলোকৰ (কংগ্ৰেছ) হতাশা ইমানেই পালেগৈ যে তেওঁলোকে মোৰ লগতে আন কেইবাজনো বিজেপি নেতাৰ ভুৱা ভিডিঅ’ বিয়পাইছে। …এই কাৰ্য্যই তেওঁলোকৰ হতাশাৰেই ইংগিত দিয়ে। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজনীতিৰ অতি নিম্ন স্তৰলৈ লৈ যোৱাৰ বাবে কাম কৰি আহিছে…মই বিশ্বাস কৰোঁ যে ভুৱা প্ৰচাৰ কৰি জনসমৰ্থন লাভৰ ই এক নিস্ফল প্ৰয়াস।” এনে কাৰ্য নিন্দনীয় আৰু কোনো ডাঙৰ দলে কেতিয়াও কৰা উচিত নহয়..,” বুলি কয় গৃহমন্ত্ৰী গৰাকীয়ে৷
অনুসূচিত জাতি,জনজাতি ইত্যাদিৰ সংৰক্ষণ আঁতৰাই দিম বুলি কোৱা এটা ভুৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আজি গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে৷
ভুৱা ভিডিঅ’টোত অমিত শ্বাহে সকলো সংৰক্ষণ বাতিল কৰাৰ কথা কোৱা দেখা গৈছিল, আনহাতে তেওঁ প্ৰকৃততে তেলেংগানাত ধৰ্মীয় ভিত্তিত কেৱল মুছলমানসকলৰ বাবে কোটা আঁতৰোৱাৰ কথা কৈছিল।
আজি সংবাদমেলৰ সময়ত অমিত শ্বাহে দুয়োটা ভিডিঅ’ প্লে কৰি তেওঁৰ প্ৰকৃত বক্তব্য কি আছিল তাক দেখুৱাই আৰু তেওঁৰ বক্তব্যৰ বিকৃতিৰে ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি জনতাৰ মাজত ভুৱা বাৰ্তা বিয়পোৱাৰ চক্ৰান্ত কৰা হৈছে বুলি কয়৷