নিউজ ডেক্স,১০ জানুৱাৰী,২০২৩ : নাজিৰাত যোৱা ৯ জানুৱাৰীত উপস্থিত হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী,দক্ষতা,নিয়োগ আৰু উদ্যমিতা,পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজেপিৰ নাজিৰা বিধান সভা সমষ্টিৰ নাজিৰা নগৰ মণ্ডল আৰু শিমলুগুৰি নগৰ মণ্ডল বিজেপিৰ বুথ সভাপতি,শতাধিক সদস্য-সদস্যা,বিষয়ববীয়াৰে এই দলীয় সভা অনুস্থিত হয় নাজিৰাৰ মিলন মন্দিৰত। দলটো কি দৰে অধিক শক্তিশালী দল হিচাপে আগুৱাই নিব পাৰি,আগন্তুক লোকসভা নিৰ্বাচনত কিদৰে বিজেপিয়ে ৰাইজৰ আস্থাভাজন হৈ নিৰ্বাচনত জয়ী হ'ব সেই সম্পৰ্কে এই দলীয় সভাত আলোচনা কৰা হয়। এই দলীয় সভাতেই সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণ প্ৰক্ৰিয়া সম্পৰ্কতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগবঢ়াই গুৰুত্ব পূৰ্ণ মন্তব্য।অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণ প্ৰক্ৰিয়া এনেকুৱা হিচাপত হ'ব লাগে যে সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া লোক সকলৰ লাভ হয় , অসমীয়া মাটিৰ মানুহৰ লাভ হয় , অসমীয়া মানুহৰ লাভ হয়, অসমবাসীৰ লাভ হয় । ইয়াৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠন সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে কয় যে এই বিলাক সংবাদ মাধ্যমতহে চলি থকা কথা।কোনো পৃথক কমতাপুৰৰ কথা আমি শুনা নাই ৷ বৰ্তমানৰ অসমখন দ্বিতীয়বাৰ ভাগ হোৱাৰ কথা কোনোৱে ভাৱিব নোৱাৰে আৰু অসম কেতিয়াও বিভাজিত হ'বই নোৱাৰে বুলি মন্ত্ৰীজনাই উল্লেখ কৰে৷